in General Knowledge by (3.8k points)
লিংগ সলাব পৰা মাছ বিষয়ে জানো আহক!

1 Answer

0 votes
by (17.5k points)
 
Best answer
মাছবিধৰ নাম গোবি মাছ। প্রয়োজন সাপেক্ষে এই মাছবিধে লিংগ সলাব পাৰে, অৰ্থাৎ মতা মাছ মাইকী আৰু মাইকী মাছ মতা হ'ব পাৰে। আচৰিত যেন লাগিলেও এই কথা সত্য। এই মাছবিধৰ এই আচৰিত আচৰণ বিধি সম্পর্কে জনাই ছে অষ্ট্ৰেলিয়াৰ টাউন্‌ছ ভিল্লেৰ জেমক কুক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে।

তেওঁলোকৰ মতে, যেতিয়া দুজনী মাইকী গোবি মাছে যোৰ পাতে, তেতিয়া এজনী মাছ মতা মাছলৈ ৰূপান্তৰ হয়। খুব লাহে লাহে গতি কৰা এই  মাছবিধৰ সংগী লাভৰ সুবিধাৰ বাবেই প্রকৃতিয়ে এই বিৰল ব্যৱস্থা ৰাখিছে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে।
...