এক কথাত ক'বলৈ গ'লে ম'হৰ শিং, গৰুৰ শিং, গঁড়ৰ খড়গ প্ৰায় একে। মানুহৰ অন্ধবিশ্বাসৰ বাবেই গঁড়ৰ খড়গৰ মূল্য ইমান বেছি, আনহাতে আন জীব-জন্তুৰ শিঙৰ কোনো মূল্য নাই। আমাৰ মাজৰ শিক্ষাৰ মুধাফুটা এচামেও বিশ্বাস কৰে যে গঁড়ৰ খড়গই মানুহৰ বহুত ৰোগক নাশ কৰে আৰু সেয়ে যিকোনো প্ৰকাৰে হাতত আঙুঠি হিচাপে পৰিধান কৰে। কিছুক্ষেত্ৰত বহু বেপাৰীয়ে কাঠৰ টুকুৰা বা গৰু-ম'হৰ শিঙকো টুকুৰা কৰি বহু দামত বিক্ৰি কৰে ইয়াৰ কোনো ঔষধি গুণ নাই। ৰাসায়নিকভাৱে এই এবিধ জটিল অজাতীয় প্রটিন যিহেৰে আমাৰ নখ গঠিত।