in Biology by (1.9k points)
টেঙা বস্তু দেখিলে আমাৰ মুখৰপৰা পানী ওলায় কিয়?

1 Answer

0 votes
by (17.5k points)
 
Best answer
টেঙা বস্তু দেখিলে সকলোৰে জিভাৰ পানী নপৰে। যিসকলৰ পৰে, তেওঁলোকৰ বাবে ই এটা মনোবৈজ্ঞানিক পৰিঘটনাহে মাথো। টেঙা বুলি ক'লে এই স্বাদ ভালপোৱা লোকসকলৰ মগজুত ইতিমধ্যে সঞ্চিত হৈ থকা স্বাদৰ কথাটো মনত পৰে। ইয়াক বিজ্ঞানৰ ভাষাত প্রতীপ ক্রিয়া (reflexaction) বোলে। সেয়ে টেঙা দেখাৰ লগে লগেই জিভাত থকা গ্ৰন্থিৰপৰা লালটি ৰস নিঃসৰণ হয়। যিদৰে স্কুলৰ শ্ৰেণীৰ শেষ ঘণ্টাৰ বেল মৰাৰ লগে-লগে শ্ৰেণীত শিক্ষক থাকিলেও ছাত্র- ছাত্ৰীসকলৰ ঘৰলৈ যোৱাৰ যো-জা চলে, তেনেদৰে টেঙা ফল দেখিলে টেঙা সোৱাদ ভালপোৱা লোকৰ জিভাৰ পানী পৰে।
...