আপেলত কিছুমান ফিন’ল জাতীয় দ্রব্য থাকে। আপেল কাটিলে এই ফিন'লজাতীয় দ্রব্যবোৰ বায়ুৰ সংস্পৰ্শলৈ আহে। বায়ুৰ সংস্পৰ্শত অহাত বায়ুত থকা অক্সিজেন ভাগৰ লগত বিক্ৰিয় কৰে। এই বিক্ৰিয়াৰ ফলত অৰ্থ'কুইনন নামৰ এবিধ ৰাসায়নিক যৌগৰ সৃষ্টি হয়। ইয়াৰ বৰণ ৰঙা মুগা। ইয়াক অৱশ্যে বহুতে মেলনিন বোলে। এই কাৰণতেই কাটি থৈ দিয় আপেলৰ বৰণ ৰঙা কৰে।