জাৰ লাগিলে চৰ্ম স্তৰত থকা শীত সংবেদী ইন্দ্রি উত্তেজিত হৈ ৰক্তবাহী নালী সংকুচিত হয়। নোমৰ গুৰিত অনৈচ্ছিক পেশী থাকে। ৰক্তনলী সংকুচিত হোৱাত এই পেশীসমূহ কঁপি কঁপি শৰীৰত তাপ উৎপাদন কৰিবলৈ চেষ্টা চলায়। ইয়াৰ ফলত গাৰ নোমবোৰ থিয় হৈ উঠে। থিয় হোৱা নোমবোৰৰ মাজত বায়ু আবদ্ধ হৈ শৰীৰৰ তাপ বাহিৰলৈ ওলোৱাত আৰু বাহিৰৰ শীত ভিতৰলৈ সোমোৱাত বাধা দি শৰীৰটো শীতৰ পৰা ৰক্ষা কৰে।